সর্বেশ্বৰবাদ (Pantheism)

সৰ্বেশ্বৰবাদ (Pantheism)

সৰ্বেশ্বৰবাদ ঈশ্বৰ লগত জগতৰ সম্বন্ধ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ মতবাদ৷ যি মতবাদ অনুসৰি ঈশ্বৰ জগতৰ অন্তৱৰ্তী, জীৱ আৰু জগতৰ মাজতে ঈশ্বৰ বিদ্যমান তাক সৰ্বেশ্বৰবাদ বোলা হয়৷ সৰ্বেশ্বৰবাদৰ ইংৰাজী প্ৰতিশব্দ ‘Pantheism’ এই ‘Pantheism’ শব্দটো ‘Pan’ আৰু ‘theos’ এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে৷ ‘Pan’ শব্দৰ অৰ্থ হৈছেসকলোআৰু ‘theos’ শব্দৰ অৰ্থ হৈছেঈশ্বৰ গতিকে ‘Pantheism’ শব্দৰ আক্ষৰিক অৰ্থ সকলো ঈশ্বৰ আৰু ঈশ্বৰে সকলো৷সৰ্বেশ্বৰবাদ অনুসৰি এই জগতৰ সমস্ত বিষয়েই ঈশ্বৰগছ, নদী, পাহাৰ-পৰ্বত, জড়-প্ৰাণ আদি কৰি সমস্ত জীৱ-জগতেই ঈশ্বৰ৷ ঈশ্বৰ আৰু জগতৰ মাজত কোনো ভেদ নাই; ঈশ্বৰ আৰু জগত অভিন্ন৷ ভাৰতীয় ব্ৰহ্মবাদ, এলিয়াটিক সত্তাবাদ, ষ্টয়িক দৰ্শন আৰু ব্ৰুণৰ দৰ্শনত এই মতবাদৰ সমৰ্থন লক্ষ্য কৰা যায়৷ আধুনিক বুদ্ধিবাদী দাৰ্শনিক স্পিনোজা [Spinoza] সৰ্বেশ্বৰবাদৰ প্ৰধান প্ৰৱৰ্তক৷

সৰ্বেশ্বৰবাদ মতে, ঈশ্বৰ জগতৰ অন্তৱৰ্তী৷ ঈশ্বৰেই জগত আৰু জগেতই ঈশ্বৰ৷ ঈশ্বৰবিহীন জগতৰ কথা কল্পনা কৰিব নোৱাৰি৷ ঈশ্বৰেই একমাত্ৰ দ্ৰব্য৷ ঈশ্বৰ, দ্ৰব্য আৰু বিশ্বজগত অভিন্ন৷ ঈশ্বৰ = দ্ৰব্য = বিশ্বজগত৷ ঈশ্বৰেই একমাত্ৰ পৰমসত্তা৷ ঈশ্বৰ এক আৰু অনন্ত৷ ঈশ্বৰৰ অসংখ্য গুণাৱলীৰ ভিতৰত সসীম জীৱে কেৱল দুটা গুণহে জানিব পাৰেচিন্তা বা চেতনা [thought or consciousness] আৰু বিস্তৃতি [extension] দ্ৰব্যৰ অনন্ত গুণৰ ভিতৰত আমাৰ বুদ্ধি কেৱল এই দুটা গুণকে জানিব পাৰে৷ জীৱাত্মা আৰু জড়বস্তু ঈশ্বৰৰ এই দুটা গুণৰ সমান্তৰাল প্ৰকাশ৷ জীৱাত্মা অনন্ত চেতনাৰ প্ৰকাশ আৰু জড়বস্তু অনন্ত বিস্তৃতিৰ প্ৰকাশ৷ সমূদ্ৰ বিহীন যেনেকৈ সমূদ্ৰ তৰংগৰ কোনো স্বতন্ত্ৰ অস্তিত্ব নাই, তেনেকৈ ঈশ্বৰ বা দ্ৰব্য বিহীন জীৱ আৰু জগতৰ কোনো পৃথক অস্তিত্ব নাই৷ গতিকে ঈশ্বৰেই একমাত্ৰ দ্ৰব্য আৰু জগতৰ মাজেদি প্ৰকাশিত হয়৷

স্পিনোজাৰ দৰ্শনত জড়-অজড় সকলোবোৰেই একেই দ্ৰব্যৰ প্ৰকাশ৷ জগতৰ সকলোবোৰেই দ্ৰব্য বা ঈশ্বৰ নিৰ্ভৰ আৰু ঈশ্বৰৰ দ্বাৰা সৃষ্ট৷ সমগ্ৰ জগত হৈছে সৃষ্ট-প্ৰকৃতি [Natura naturata] আৰু পৰম দ্ৰব্য বা ঈশ্বৰ যি এই সৃষ্ট প্ৰকৃতিৰ ভিত্তি সি স্ৰষ্টা-প্ৰকৃতি [Natura naturans] ঈশ্বৰ বা দ্ৰব্য হৈছে এই সমগ্ৰ সৃষ্ট-প্ৰকৃতিৰ অৰ্থাৎ বিশ্ব-প্ৰকৃতিৰ অন্তঃস্থিত হেতু, সেইবাবে ঈশ্বৰ স্ৰষ্টা-প্ৰকৃতি৷ ঈশ্বৰ বা পৰম দ্ৰব্যই একমাত্ৰ সত্তাএই জগত ঈশ্বৰ বহিৰ্ভূত নহয়৷ জগতত যি আছে সি ঈশ্বৰ হিচাপে আছে আৰু ঈশ্বৰ বিহীন বা দ্ৰব্য বিহীন কোনো বস্তুৰেই স্বতন্ত্ৰ অস্তিত্ব নাই৷ সেইকাৰণে স্পিনোজাৰ মতে, দ্ৰব্য = ঈশ্বৰ = প্ৰকৃতি [Substance=God=Nature] দ্ৰব্য বা ঈশ্বৰ সম্পৰ্কীয় স্পিনোজাৰ এই মতবাদ সৰ্বেশ্বৰবাদ [Pantheism] নামে পৰিচিত৷

স্পিনোজাৰ মতে, সীমিত বা বিশিষ্ট বস্তু অসীম দ্ৰব্য বা ঈশ্বৰত সমাহিত হয়৷ সেইকাৰণে ঈশ্বৰৰে শুদ্ধ সত্তা ৰৈ যায়৷ গতিকে স্পিনোজাৰ দৰ্শনত ঈশ্বৰৰ বাহিৰে সমস্ত বিষয়েই মিথ্যা৷ 

সৰ্বেশ্বৰবাদক দৰ্শন আৰু ধৰ্মতত্ত্ব--- দুটা দৃষ্টিকোণৰ পৰা দেখা হয়৷ যেতিয়া এইটো কোৱা হয় যে, বিশ্বজগত আৰু মানৱৰ সকলো অভিজ্ঞতাৰ এটাহে মূল তত্ত্ব যাক ঈশ্বৰ বুলি কোৱা হয়, তেতিয়া এই সৰ্বেশ্বৰবাদক অদ্বৈতবাদ বোলা হয়৷ আৰু যেতিয়া এই ঈশ্বৰ ধৰ্মীয় পূজা-অৰ্চনাৰ বিষয় হয়, তেতিয়া ধাৰ্মিক সিদ্ধান্তত পৰিণত হয়৷

শংকৰাচাৰ্য অদ্বৈত বেদান্ত দৰ্শনেও সৰ্বেশ্বৰবাদক সমৰ্থন কৰে৷ এই দৰ্শন মতে, একমাত্ৰ ব্ৰহ্ম সত্য, জগত মিথ্যা; জীৱ ব্ৰহ্ম ভিন্ন আন কিবা নহয়৷ জগতৰ কেৱল ব্যৱহাৰিক সত্যতা আছে, পাৰমাৰ্থিকভাৱে জগত মিথ্যা৷ প্ৰাচীন ভাৰতৰ উপনিষয়দীয় দৰ্শনতো সৰ্বেশ্বৰবাদৰ বীজ লক্ষ্য কৰা যায়৷সৰ্বং খল্বিদং ব্ৰহ্মঅৰ্থাৎ সমগ্ৰ জগতেই ব্ৰহ্মউপনিষদৰ এনে বাণীত সৰ্বেশ্বৰবাদৰ ধাৰণা স্পষ্ট৷

সমালোচনা [Criticism] সৰ্বেশ্বৰবাদৰ কিছুমান ত্ৰুটি পৰিলক্ষিত হয়৷ এইবোৰ নিম্নৰূপ

স্পিনোজাৰ মতে, ঈশ্বৰ দ্ৰব্য৷ দ্ৰব্য এটাই আৰু এই এক দ্ৰব্য হৈছে ঈশ্বৰ৷ গতিকে স্পিনোজাৰ মতবাদ এক অদ্বৈতবাদী মতবাদ বহুসম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হয়৷ কিন্তুবহুঅস্বীকাৰ কৰিএক ব্যাখ্যা দিয়া সন্তোষজনক নহয়৷ এই এক সত্তাৰ পৰা কেনেকৈ বিভিন্ন আৰু বিচিত্ৰ জাগতিক বস্তুবোৰৰ উৎপত্তি তাৰ সন্তোষজনক ব্যাখ্যা স্পিনোজাই দিব পৰা নাই৷ গতিকে স্পিনোজাৰ বহুবৰ্জিত একৰ ধাৰণা এক শূন্যগৰ্ভ ধাৰণা৷

সৰ্বেশ্বৰবাদে ঈশ্বৰক অধিক প্ৰাধান্য দিছে৷ এই মতবাদে জগতক তুচ্ছ কৰি পেলাইছে৷ কিন্তু জগতক কম প্ৰাধান্য দিলে দাৰ্শনিক আলোচনা অসম্পূৰ্ণ হৈ ব৷ জগত কেতিয়াও ভ্ৰান্ত বা মিছা নোৱাৰে৷

সৰ্বেশ্বৰবাদে একত্বক স্বীকাৰ কৰিছে আৰু বহুত্ব অস্বীকাৰ কৰিছে৷ কিন্তু বহুৰ অবিহনে একত্ব মায়া বা অৱভাসত পৰিণত হয়৷ বহুত্ব অস্বীকাৰ কৰাৰ বাবে সৰ্বেশ্বৰবাদ শূন্যগৰ্ভ অদ্বৈতবাদত পৰিণত হৈছে৷

সমস্ত বিষয়েই যদি ঈশ্বৰ হয়, তেনেহলে জীৱাত্মাৰ কোনো স্বাধীন ইচ্ছা নাথাকে৷ কিন্তু জীৱৰ বাস্তৱত স্বাধীন ইচ্ছা আৰু আত্মসচেতনতা আছে৷ ইচ্ছাৰ স্বাধীনতা থকাৰ বাবে আমি আমাৰ নৈতিক কৰ্মৰ প্ৰতি দায়ী, ধৰ্মীয়ভাৱে পাপ-পুণ্যৰ বাবে দায়ী৷

গতিকে দেখা যায় যে, ঈশ্বৰ আৰু জগতৰ সম্বন্ধ সম্পৰ্কীয় সৰ্বেশ্বৰবাদ সন্তোষজনক মতবাদ নহয়৷ ঈশ্বৰ জগতৰ কেৱল অন্তৱৰ্তী নহয়, অতিৱৰ্তীও৷

Comments

Post a Comment

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?