সর্বেশ্বৰবাদ (Pantheism)
সৰ্বেশ্বৰবাদ (Pantheism)
সৰ্বেশ্বৰবাদ ঈশ্বৰ লগত জগতৰ সম্বন্ধ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ মতবাদ৷ যি মতবাদ অনুসৰি ঈশ্বৰ জগতৰ অন্তৱৰ্তী, জীৱ আৰু জগতৰ মাজতে ঈশ্বৰ বিদ্যমান তাক সৰ্বেশ্বৰবাদ বোলা হয়৷ সৰ্বেশ্বৰবাদৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Pantheism’৷ এই ‘Pantheism’ শব্দটো ‘Pan’ আৰু ‘theos’ এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে৷ ‘Pan’ শব্দৰ অৰ্থ হৈছে ‘সকলো’ আৰু ‘theos’ শব্দৰ অৰ্থ হৈছে ‘ঈশ্বৰ’৷ গতিকে ‘Pantheism’ শব্দৰ আক্ষৰিক অৰ্থ হ’ল ‘সকলো ঈশ্বৰ আৰু ঈশ্বৰে সকলো৷ ’ সৰ্বেশ্বৰবাদ অনুসৰি এই জগতৰ সমস্ত বিষয়েই ঈশ্বৰ– গছ, নদী, পাহাৰ-পৰ্বত, জড়-প্ৰাণ আদি কৰি সমস্ত জীৱ-জগতেই ঈশ্বৰ৷ ঈশ্বৰ আৰু জগতৰ মাজত কোনো ভেদ নাই; ঈশ্বৰ আৰু জগত অভিন্ন৷ ভাৰতীয় ব্ৰহ্মবাদ, এলিয়াটিক সত্তাবাদ, ষ্টয়িক দৰ্শন আৰু ব্ৰুণৰ দৰ্শনত এই মতবাদৰ সমৰ্থন লক্ষ্য কৰা যায়৷ আধুনিক বুদ্ধিবাদী দাৰ্শনিক স্পিনোজা [Spinoza] সৰ্বেশ্বৰবাদৰ প্ৰধান প্ৰৱৰ্তক৷
সৰ্বেশ্বৰবাদ মতে, ঈশ্বৰ জগতৰ অন্তৱৰ্তী৷ ঈশ্বৰেই জগত আৰু জগেতই ঈশ্বৰ৷ ঈশ্বৰবিহীন জগতৰ কথা কল্পনা কৰিব নোৱাৰি৷ ঈশ্বৰেই একমাত্ৰ দ্ৰব্য৷ ঈশ্বৰ, দ্ৰব্য আৰু বিশ্বজগত অভিন্ন৷ ঈশ্বৰ = দ্ৰব্য = বিশ্বজগত৷ ঈশ্বৰেই একমাত্ৰ পৰমসত্তা৷ ঈশ্বৰ এক আৰু অনন্ত৷ ঈশ্বৰৰ অসংখ্য গুণাৱলীৰ ভিতৰত সসীম জীৱে কেৱল দুটা গুণহে জানিব পাৰে– চিন্তা বা চেতনা [thought or consciousness] আৰু বিস্তৃতি [extension]৷ দ্ৰব্যৰ অনন্ত গুণৰ ভিতৰত আমাৰ বুদ্ধি কেৱল এই দুটা গুণকে জানিব পাৰে৷ জীৱাত্মা আৰু জড়বস্তু হ’ল ঈশ্বৰৰ এই দুটা গুণৰ সমান্তৰাল প্ৰকাশ৷ জীৱাত্মা হ’ল অনন্ত চেতনাৰ প্ৰকাশ আৰু জড়বস্তু হ’ল অনন্ত বিস্তৃতিৰ প্ৰকাশ৷ সমূদ্ৰ বিহীন যেনেকৈ সমূদ্ৰ তৰংগৰ কোনো স্বতন্ত্ৰ অস্তিত্ব নাই, তেনেকৈ ঈশ্বৰ বা দ্ৰব্য বিহীন জীৱ আৰু জগতৰ কোনো পৃথক অস্তিত্ব নাই৷ গতিকে ঈশ্বৰেই একমাত্ৰ দ্ৰব্য আৰু ই জগতৰ মাজেদি প্ৰকাশিত হয়৷
স্পিনোজাৰ দৰ্শনত জড়-অজড় সকলোবোৰেই একেই দ্ৰব্যৰ প্ৰকাশ৷ জগতৰ সকলোবোৰেই দ্ৰব্য বা ঈশ্বৰ নিৰ্ভৰ আৰু ঈশ্বৰৰ দ্বাৰা সৃষ্ট৷ সমগ্ৰ জগত হৈছে সৃষ্ট-প্ৰকৃতি [Natura naturata] আৰু পৰম দ্ৰব্য বা ঈশ্বৰ যি এই সৃষ্ট প্ৰকৃতিৰ ভিত্তি সি হ’ল স্ৰষ্টা-প্ৰকৃতি [Natura naturans]৷ ঈশ্বৰ বা দ্ৰব্য হৈছে এই সমগ্ৰ সৃষ্ট-প্ৰকৃতিৰ অৰ্থাৎ বিশ্ব-প্ৰকৃতিৰ অন্তঃস্থিত হেতু, সেইবাবে ঈশ্বৰ হ’ল স্ৰষ্টা-প্ৰকৃতি৷ ঈশ্বৰ বা পৰম দ্ৰব্যই একমাত্ৰ সত্তা– এই জগত ঈশ্বৰ বহিৰ্ভূত নহয়৷ জগতত যি আছে সি ঈশ্বৰ হিচাপে আছে আৰু ঈশ্বৰ বিহীন বা দ্ৰব্য বিহীন কোনো বস্তুৰেই স্বতন্ত্ৰ অস্তিত্ব নাই৷ সেইকাৰণে স্পিনোজাৰ মতে, দ্ৰব্য = ঈশ্বৰ = প্ৰকৃতি [Substance=God=Nature]৷ দ্ৰব্য বা ঈশ্বৰ সম্পৰ্কীয় স্পিনোজাৰ এই মতবাদ সৰ্বেশ্বৰবাদ [Pantheism] নামে পৰিচিত৷
স্পিনোজাৰ মতে, সীমিত বা বিশিষ্ট বস্তু অসীম দ্ৰব্য বা ঈশ্বৰত সমাহিত হয়৷ সেইকাৰণে ঈশ্বৰৰে শুদ্ধ সত্তা ৰৈ যায়৷ গতিকে স্পিনোজাৰ দৰ্শনত ঈশ্বৰৰ বাহিৰে সমস্ত বিষয়েই মিথ্যা৷
সৰ্বেশ্বৰবাদক দৰ্শন আৰু ধৰ্মতত্ত্ব--- দুটা দৃষ্টিকোণৰ পৰা দেখা হয়৷ যেতিয়া এইটো কোৱা হয় যে, বিশ্বজগত আৰু মানৱৰ সকলো অভিজ্ঞতাৰ এটাহে মূল তত্ত্ব যাক ঈশ্বৰ বুলি কোৱা হয়, তেতিয়া এই সৰ্বেশ্বৰবাদক অদ্বৈতবাদ বোলা হয়৷ আৰু যেতিয়া এই ঈশ্বৰ ধৰ্মীয় পূজা-অৰ্চনাৰ বিষয় হয়, তেতিয়া ই ধাৰ্মিক সিদ্ধান্তত পৰিণত হয়৷
শংকৰাচাৰ্য অদ্বৈত বেদান্ত দৰ্শনেও সৰ্বেশ্বৰবাদক সমৰ্থন কৰে৷ এই দৰ্শন মতে, একমাত্ৰ ব্ৰহ্ম সত্য, জগত মিথ্যা; জীৱ ব্ৰহ্ম ভিন্ন আন কিবা নহয়৷ জগতৰ কেৱল ব্যৱহাৰিক সত্যতা আছে, পাৰমাৰ্থিকভাৱে জগত মিথ্যা৷ প্ৰাচীন ভাৰতৰ উপনিষয়দীয় দৰ্শনতো সৰ্বেশ্বৰবাদৰ বীজ লক্ষ্য কৰা যায়৷ ‘সৰ্বং খল্বিদং ব্ৰহ্ম’ অৰ্থাৎ সমগ্ৰ জগতেই ব্ৰহ্ম– উপনিষদৰ এনে বাণীত সৰ্বেশ্বৰবাদৰ ধাৰণা স্পষ্ট৷
সমালোচনা [Criticism] ঃ সৰ্বেশ্বৰবাদৰ কিছুমান ত্ৰুটি পৰিলক্ষিত হয়৷ এইবোৰ নিম্নৰূপ ঃ
স্পিনোজাৰ মতে, ঈশ্বৰ হ’ল দ্ৰব্য৷ দ্ৰব্য এটাই আৰু এই এক দ্ৰব্য হৈছে ঈশ্বৰ৷ গতিকে স্পিনোজাৰ মতবাদ এক অদ্বৈতবাদী মতবাদ য’ত ‘বহু’ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হয়৷ কিন্তু ‘বহু’ অস্বীকাৰ কৰি ‘এক’ৰ ব্যাখ্যা দিয়া সন্তোষজনক নহয়৷ এই এক সত্তাৰ পৰা কেনেকৈ বিভিন্ন আৰু বিচিত্ৰ জাগতিক বস্তুবোৰৰ উৎপত্তি হ’ল তাৰ সন্তোষজনক ব্যাখ্যা স্পিনোজাই দিব পৰা নাই৷ গতিকে স্পিনোজাৰ বহুবৰ্জিত একৰ ধাৰণা এক শূন্যগৰ্ভ ধাৰণা৷
সৰ্বেশ্বৰবাদে ঈশ্বৰক অধিক প্ৰাধান্য দিছে৷ এই মতবাদে জগতক তুচ্ছ কৰি পেলাইছে৷ কিন্তু জগতক কম প্ৰাধান্য দিলে দাৰ্শনিক আলোচনা অসম্পূৰ্ণ হৈ ৰ’ব৷ জগত কেতিয়াও ভ্ৰান্ত বা মিছা হ’ব নোৱাৰে৷
সৰ্বেশ্বৰবাদে একত্বক স্বীকাৰ কৰিছে আৰু বহুত্বক অস্বীকাৰ কৰিছে৷ কিন্তু বহুৰ অবিহনে একত্ব মায়া বা অৱভাসত পৰিণত হয়৷ বহুত্বক অস্বীকাৰ কৰাৰ বাবে সৰ্বেশ্বৰবাদ শূন্যগৰ্ভ অদ্বৈতবাদত পৰিণত হৈছে৷
সমস্ত বিষয়েই যদি ঈশ্বৰ হয়, তেনেহ’লে জীৱাত্মাৰ কোনো স্বাধীন ইচ্ছা নাথাকে৷ কিন্তু জীৱৰ বাস্তৱত স্বাধীন ইচ্ছা আৰু আত্মসচেতনতা আছে৷ ইচ্ছাৰ স্বাধীনতা থকাৰ বাবে আমি আমাৰ নৈতিক কৰ্মৰ প্ৰতি দায়ী, ধৰ্মীয়ভাৱে পাপ-পুণ্যৰ বাবে দায়ী৷
গতিকে দেখা যায় যে, ঈশ্বৰ আৰু জগতৰ সম্বন্ধ সম্পৰ্কীয় সৰ্বেশ্বৰবাদ সন্তোষজনক মতবাদ নহয়৷ ঈশ্বৰ জগতৰ কেৱল অন্তৱৰ্তী নহয়, অতিৱৰ্তীও৷
nice
ReplyDelete