Posts

আত্মনিষ্ঠ ভাববাদ, আত্মগত ভাৱবাদ, আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা, আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ বৈশিষ্ট্য, অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ (Subjective Idealism, Esse est percipi)

Image
১। আত্মনিষ্ঠ ভাববাদ বুলিলে কি বুজা?  Ans: যি ভাববাদ অনুসৰি বাহ্যবস্তুৰ অস্তিত্ব ব্যক্তিমন বা ব্যক্তিআত্মাৰ ওপৰত নিৰ্ভৰশীল, তাক আত্মনিষ্ঠ বা আত্মগত ভাৱবাদ বুলি কোৱা হয়৷ এই ভাৱবাদ অনুসৰি বাহ্য জগতৰ মন নিৰপেক্ষ কোনো স্বতন্ত্ৰ সত্তা নাই৷ মন বা আত্মাই জগতৰ মূলবস্তু কিন্তু সেই মন বা আত্মা ব্যক্তিগত মন বা আত্মাহে৷ জৰ্জ বাৰ্কলি এই মতবাদৰ প্ৰৱৰ্তক৷  ২। আত্মনিষ্ঠ বা আত্মগত ভাৱবাদৰ বৈশিষ্ট্য সমূহ লিখা?   Ans: আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ বৈশিষ্ট্য–  (i) জগতখন সম্পূৰ্ণৰূপেও মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, এই মন বা আত্মা ব্যক্তিগত মন বা আত্মা হে৷   (ii) জ্ঞানৰ ক্ষেত্ৰত এই মতবাদে ইন্দ্ৰিয় প্ৰত্যক্ষক বিশ্বাস কৰে৷ যিকোনো বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে৷   (iii) আত্মনিষ্ঠ ভাৱবাদে জড় বস্তুৰ অস্তিত্বক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে৷  (iv) এই মতবাদত মূখ্য গুণ আৰু গৌণ গুণৰ বিভাজনক অস্বীকাৰ কৰা হয়৷ এই মতবাদ অনুসৰি মূখ্য গুণবোৰ গৌণ গুণৰ দৰে মনোগত৷  ৩। আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা বা দোষ লিখা৷   Ans: আত্মনিষ্ঠ বা আত্মগত ভাববাদ...

ভাববাদ, ভাববাদৰ বৈশিষ্ট্য, বাস্তৱবাদ আৰু ভাববাদৰ মাজত পাৰ্থক্য (Idealism, Characteristics of Idealism, Idealism and Realism)

Image
১। ভাববাদ বুলিলে কি বুজা?   Ans: জ্ঞানৰ বিষয়বস্তু সম্পর্কীয় যি মতবাদ অনুুসৰি জ্ঞেয়বস্তু অৰ্থাৎ বাহ্যবস্তুৰ মননিৰপেক্ষ স্বতন্ত্ৰ সত্তা নাই, বাহ্যবস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল, তাক ভাববাদ বোলে৷ ভাববাদ মতে মন বা আত্মাই জগতৰ পৰম তত্ত্ব৷  ২।  ভাববাদৰ বৈশিষ্ট্য বা লক্ষণসমূহ উল্লেখ কৰা৷  Ans: ভাববাদৰ বৈশিষ্ট্য–  (i) ভাববাদ অনুসৰি বাহ্য জগতৰ স্বতন্ত্ৰ অস্তিত্ব নাই, বাহ্য জগতৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল৷   (ii) ভাববাদে বস্তুতকৈ মনক বেছি গুৰুত্ব দিয়ে৷ জগতখন বস্তুৰ দ্বাৰা নহয় মনৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়৷   (iii) ভাববাদ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্বন্ধ আন্তৰ সম্বন্ধ৷  (iv) ভাববাদী সকলৰ মতে এখন উদ্দেশ্যধর্মী জগত আছে যাৰ প্ৰকৃত স্বৰূপ আধ্যাত্মিক৷  (v) ভাববাদ মতে ঈশ্বৰ জগতৰ পৰা বাহ্যিক বা পৃথক নহয়৷ ঈশ্বৰ জগতৰে আভ্যন্তৰীণ মূলসূত্ৰ৷   ৩। বাস্তৱবাদ আৰু ভাববাদৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা৷  Ans: বাস্তৱবাদ আৰু ভাববাদৰ মাজত পাৰ্থক্য–  (i) বাস্তৱবাদ অনুসৰি বাহ্য জগতৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে৷ কিন...

ধৰ্ম আৰু নৈতিকতা সম্বন্ধ (Relation between Religion and Morality)

Image
১। ধৰ্ম আৰু নৈতিকতাৰ পাৰ্থক্য বা বৈসাদৃশ্য উল্লেখ কৰা৷   Ans: ধৰ্ম আৰু নৈতিকতাৰ পাৰ্থক্য–  (i) ধৰ্ম ঈশ্বৰকেন্দ্ৰিক, কিন্তু নৈতিকতা মানৱকেন্দ্ৰিক৷  (ii) নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক নাই৷ কিন্তু ধৰ্মৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক আছে৷   (iii) নৈতিকতাত কেৱল কল্যাণ সম্পৰ্কে আলোচনা কৰা হয়৷ কিন্তু ধৰ্মত কল্যাণৰ বাহিৰেও সত্য আৰু সুন্দৰৰো আলোচনা কৰা হয়।   (iv) নীতি হ’ল সসীমৰ দিশলৈ অগ্ৰগতি, কিন্তু ধৰ্ম হ’ল সসীমৰ মাজৰ পৰা অগ্ৰগতি৷   (v) নৈতিকতা প্ৰধানতঃ আৱেগমুক্ত৷ আনহাতে, ধৰ্ম হ’ল আৱেগযুক্ত অভিজ্ঞতা৷   (iv) ইচ্ছাৰ স্বাধীনতাৰ চেতনা অবিহনে নীতি সম্ভৱ নহয়৷ আনহাতে, ধৰ্মৰ ক্ষেত্ৰ হ’ল অনিবাৰ্যতাৰ ক্ষেত্ৰ৷   ২। ধৰ্ম আৰু নৈতিকতাৰ সাদৃশ্য উল্লেখ কৰা৷   Ans: ধৰ্ম আৰু নৈতিকতাৰ সাদৃশ্য–  (iv) ধৰ্ম আৰু নৈতিকতা উভয়ে মানুহৰ আচৰণক নিয়ন্ত্ৰণ কৰে৷ সং আচৰণ আৰু সং কৰ্মই ধৰ্ম আৰু নৈতিকতাৰ উদ্দেশ্য৷  (iv) ধৰ্ম আৰু নৈতিকতা উভয়ে আত্মাৰ অমৰত্বত বিশ্বাস কৰে৷   ৩। ধৰ্ম আৰু নৈতিকতাৰ সম্বন্ধ ব্যাখ্যা কৰা৷...

ধৰ্মৰ সংজ্ঞা, স্বৰূপ বা প্ৰকৃতি, বৈশিষ্ট্য বা লক্ষণ আৰু বুৎপত্তিগত অৰ্থ (Definition, Nature, Characteristics and etymological meaning of Religion)

Image
১। ধৰ্ম কাক বোলে?   Ans: ধৰ্ম হ’ল মানুহৰ এনে এক অলৌকিক বা অতিপ্ৰাকৃত সত্তাত বিশ্বাস বা জ্ঞান, যি বিশ্বাস বা জ্ঞান মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে৷ মানুহৰ ধৰ্ম বোধৰ লগত প্ৰচ্চন্নভাৱে নিহিত থাকে জ্ঞান, কৰ্ম আৰু অনুভূতিৰ উপাদান৷  ২। ‘ Religion’ শব্দটোৰ বুৎপত্তিগত অৰ্থ কি?   Ans: ‘Religion’ শব্দটো ‘Religare’ শব্দৰ পৰা উৎপত্তি হৈছে৷ ‘Religare’ শব্দৰ অৰ্থ হৈছে ‘বন্ধন’ অৰ্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে৷ গতিকে ‘Religion’ শব্দৰ বুৎপত্তিগত অৰ্থ হৈছে ব্যক্তি বা জাতিৰ জীৱনৰ যি যথাৰ্থ বন্ধন বা সংহতি আনে সিয়ে ধৰ্ম৷   ৩। ভাৰতীয় ‘ধৰ্ম’ শব্দৰ উৎপত্তি কৰ পৰা হৈছে?   Ans: পশ্চিমৰ ‘Religion’ শব্দটোৰ প্ৰতিশব্দ হ’ল ধৰ্ম৷ ‘ধৰ্ম’ শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা আহিছে৷ ‘ধৃ’ ৰ অৰ্থ হ’ল ধাৰণা কৰা৷ অৰ্থাৎ যি ধাৰণা কৰি ৰাখে সিয়েই ধৰ্ম৷ গতিকে সামাজিক আৰু বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে বা ধাৰণ কৰি ৰাখে সিয়েই ধৰ্ম৷   ৪। ধৰ্মৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা৷ অথবা ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা৷...

নৈতিক বিচাৰ আৰু নৈতিক বিচাৰৰ বিষয়বস্তু (Moral judgement)

Image
১। নৈতিক বিচাৰ কাক বোলে?   Ans: নৈতিক বিচাৰ বুলিলে বুজায় মানুহৰ স্বেচ্চাকৃত কাৰ্যৰ অৰ্থাৎ আচৰণৰ ভাল বেয়া বিচাৰ৷ গতিকে যি অবধাৰণাৰ দ্বাৰা মানুহৰ স্বেচ্চাকৃত কৰ্ম বা আচৰণৰ ভাল-বেয়া, ন্যায়-অন্যায়, উচিত-অনুচিত আদি বিচাৰ কৰা হয় তাক নৈতিক বিচাৰ বোলে৷       অথবা  যি অবধাৰণাৰ দ্বাৰা মানুহৰ কৰ্মৰ বা আচৰণৰ ভাল-বেয়া, উচিত-অনুচিত,ন্যায়-অন্যায় আদি নিৰ্ণয় কৰা হয় তাক নৈতিক অৱধাৰণ বা নৈতিক বিচাৰ বোলে৷   ২। নৈতিক বিচাৰৰ বিষয়বস্তু কি কি?   Ans: ঐচ্চিক ক্ৰিয়া নীতিবিদ্যাৰ মূল আলোচ্য বিষয়৷ ঐচ্চিক ক্ৰিয়াক বিশ্লেষণ কৰিলে ইয়াৰ তিনিটা স্তৰ– [ক] মানসিক [খ] শাৰীৰিক বা দৈহিক আৰু [গ] পৰিসমাপ্তিৰ স্তৰ কেইটা পোৱা যায়৷ দৈহিক বা শাৰীৰিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব নোৱাৰে৷ কাৰণ দৈহিক ক্ৰিয়া যান্ত্ৰিক৷ ই কেৱল মানসিক সিদ্ধান্তৰ বাহি্যক প্ৰতিফলন৷ পৰিসমাপ্তিৰ স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব নোৱাৰে৷ কাৰণ পৰিণাম বা ফল সকলো সময়তে সৎ বা ভাল নহয়৷ উদ্দেশ্য সৎ হ’লেও উদ্দেশ্য সাধনৰ উপায় যদি অসৎ হয় তেনেহলে সেই কামৰ কোনো মূল্য নাথাকে৷ প্ৰকৃততে নৈতিক বিচাৰৰ বিষয়ব...

লাইৱনিজৰ মনাড বা দ্ৰব্যতত্ব (Leibnitz's Monad or theory of substance)

Image
লাইৱনিজে দ্ৰব্যৰ সংজ্ঞাত কৈছে, ‘‘A substance is a being that is capable of action.’’ অৰ্থাৎ ‘‘ দ্ৰব্য হৈছে এনে সত্তা যি স্বাধীনভাৱে ক্ৰিয়া কৰিবলৈ সমৰ্থ’’৷ দ্ৰব্য ক্ৰিয়াশীলতাৰ উৎস– কেৱল আত্ম-ক্ৰিয়াতেই শক্তিৰ পৰিচয় পোৱা যায়৷ গতিকে দ্ৰব্য আত্ম-ক্ৰিয়াশীল শক্তি [self-acting force]৷ লাইৱনিজৰ মতে, ক্ৰিয়াশীলতাৰ উৎসৰূপে দ্ৰব্য কেতিয়াও জড়পদাৰ্থ হ’ব নোৱাৰে৷ যি আত্ম-সক্ৰিয়া সি চেতন৷ গতিকে দ্ৰব্য হৈছে চেতনপদাৰ্থ৷ দ্ৰব্য যৌগিক নহয়; দ্ৰব্য হৈছে সৰল, অবিভাজ্য আৰু অংশহীন৷ কোনো জড়পদাৰ্থই, যেনেকৈ পৰমাণু [atoms], অতি ক্ষদ্ৰ হ’লেও অবিভাজ্য হ’ব নোৱাৰে৷ কাৰণ জড়বস্তু মাত্ৰেই বিস্তাৰযুক্ত; গতিকে পৰমাণু যিমানেই ক্ষদ্ৰ নহওক পৰমাণুৰো বিস্তাৰ আছে৷ আকৌ, গণিতৰ বিন্দু একক ৰূপে অবিভাজ্য– কিন্তু তাৰ পৰিমাণ নাই বাবে সি অবাস্তৱ৷ সেইকাৰণে একমাত্ৰ চেতন পদাৰ্থই অবিভাজ্য– বাস্তৱ আৰু কল্পনাতো চেতন পদাৰ্থৰ বিভাজন সম্ভৱ নহয়৷ লাইৱনিজৰ দৰ্শনত এনেকুৱা চেতন পদাৰ্থ, যি সক্ৰিয় কৰ্তাৰূপে অস্তিত্বশীল, সিয়ে প্ৰকৃতপক্ষে দ্ৰব্য৷ এনেকুৱা চেতন দ্ৰব্যক লাইৱনিজে ‘ মনাড ’ [Monad] বা চিৎপৰমাণু বুলি অভিহিত কৰিছে [‘Monad’ এটা গ্ৰ...

নৈতিক আৰু অনৈতিক ক্ৰিয়া, ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়া (Moral and Immoral Action, Voluntary and non-voluntary action)

Image
১। নৈতিক কৰ্ম কাক বোলে?   Ans: যি প্ৰক্ৰিয়াত নৈতিক গুণ আছে অৰ্থাৎ যি ক্ৰিয়া ভাল-বেয়া, উচিত-অনুচিত আদিৰ লগত জড়িত তাক নৈতিক কৰ্ম বুলি কোৱা হয়৷    ২।  অনৈতিক কৰ্ম কাক বোলে?   Ans: যি কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি, অৰ্থাৎ যি ক্ৰিয়াৰ ভাল-বেয়া, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি, তাক অনৈতিক কৰ্ম বা ক্ৰিয়া বোলে৷   ৩।  নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ পাৰ্থক্য নিৰ্ণয় কৰা৷   Ans: নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ পাৰ্থক্য–  (i) নৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত ভাল-বেয়া, উচিত-অনুচিত আদি নৈতিক গুণ আৰোপ কৰিব পাৰি৷ কিন্তু অনৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত ভাল-বেয়া, উচিত-অনুচিত আদি নৈতিক গুণ আৰোপ কৰিব নোৱাৰি৷   (iii) নৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা থাকে৷ কিন্তু অনৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ কোনো স্বাধীনতা নাথাকে৷   (iii) নৈতিক কৰ্মৰ বাবে কৰ্তাক দায়ী কৰিব পাৰি৷ কিন্তু অনৈতিক কৰ্মৰ বাবে কৰ্তা দায়ী নহয়৷   ৪।  অনৈচ্ছক ক্ৰিয়াৰ কাক বোলে?   Ans: যি ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা নাথাকে, যি ক্ৰি...