আত্মনিষ্ঠ ভাববাদ, আত্মগত ভাৱবাদ, আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা, আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ বৈশিষ্ট্য, অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ (Subjective Idealism, Esse est percipi)
১। আত্মনিষ্ঠ ভাববাদ বুলিলে কি বুজা? Ans: যি ভাববাদ অনুসৰি বাহ্যবস্তুৰ অস্তিত্ব ব্যক্তিমন বা ব্যক্তিআত্মাৰ ওপৰত নিৰ্ভৰশীল, তাক আত্মনিষ্ঠ বা আত্মগত ভাৱবাদ বুলি কোৱা হয়৷ এই ভাৱবাদ অনুসৰি বাহ্য জগতৰ মন নিৰপেক্ষ কোনো স্বতন্ত্ৰ সত্তা নাই৷ মন বা আত্মাই জগতৰ মূলবস্তু কিন্তু সেই মন বা আত্মা ব্যক্তিগত মন বা আত্মাহে৷ জৰ্জ বাৰ্কলি এই মতবাদৰ প্ৰৱৰ্তক৷ ২। আত্মনিষ্ঠ বা আত্মগত ভাৱবাদৰ বৈশিষ্ট্য সমূহ লিখা? Ans: আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ বৈশিষ্ট্য– (i) জগতখন সম্পূৰ্ণৰূপেও মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, এই মন বা আত্মা ব্যক্তিগত মন বা আত্মা হে৷ (ii) জ্ঞানৰ ক্ষেত্ৰত এই মতবাদে ইন্দ্ৰিয় প্ৰত্যক্ষক বিশ্বাস কৰে৷ যিকোনো বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে৷ (iii) আত্মনিষ্ঠ ভাৱবাদে জড় বস্তুৰ অস্তিত্বক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে৷ (iv) এই মতবাদত মূখ্য গুণ আৰু গৌণ গুণৰ বিভাজনক অস্বীকাৰ কৰা হয়৷ এই মতবাদ অনুসৰি মূখ্য গুণবোৰ গৌণ গুণৰ দৰে মনোগত৷ ৩। আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা বা দোষ লিখা৷ Ans: আত্মনিষ্ঠ বা আত্মগত ভাববাদ...